সমললৈ যাওক

দৰং মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা


দৰং মহাবিদ্যালয়

দৰং মহাবিদ্যালয়ৰ মূল প্ৰবেশদ্বাৰ
মূলমন্ত্ৰ Be a Jewel Among Men
স্থাপিত ১৯৪৫
ধৰণ মহাবিদ্যালয়
সভাপতি ড° খৰ্গেশ্বৰ বৰকাকতি
অধ্যক্ষ ড° পলাশমনি শইকীয়া
স্থান তেজপুৰ,অসম, ভাৰত ভাৰত
চৌহদ চহৰাঞ্চল
ৱেবছাইট www.darrangcollege.ac.in

দৰং মহাবিদ্যালয় (ইংৰাজী: Darrang College) তেজপুৰ চহৰৰ উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল। মহাবিদ্যালয়খনি ১৯৪৫ খ্ৰীষ্টাব্দত স্থাপিত কৰা হৈছিল। প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল জ্যেষ্ঠ স্বাধীনতা সংগ্ৰামী কামাখ্যা প্ৰসাদ ত্ৰিপাঠী। [1]

পাঠ্যক্ৰমসমূহ[সম্পাদনা কৰক]

দৰং মহাবিদ্যালয়ত নিম্নোক্ত পাঠ্যক্ৰমসমূহৰ শিক্ষা প্ৰদান কৰা হয়। মহাবিদ্যালয়খনি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ।

  • উচ্চতৰ মাধ্যমিক (কলা, বাণিজ্য আৰু বিজ্ঞান)
  • স্নাতক (কলা, বাণিজ্য আৰু বিজ্ঞান)
  • ইউ জি চি কেৰিয়াৰমুখী পাঠ্যক্ৰম [2]

শৈক্ষিক বিভাগসমূহ[সম্পাদনা কৰক]

কলা[সম্পাদনা কৰক]

  • ইংৰাজী বিভাগ
  • অসমীয়া বিভাগ
  • শিক্ষা বিভাগ
  • অৰ্থনীতি বিভাগ
  • ইতিহাস বিভাগ
  • ৰাজনীতি বিজ্ঞান বিভাগ
  • দৰ্শন বিভাগ
  • সমাজতত্ত্ব বিভাগ
  • হিন্দী বিভাগ
  • সংস্কৃত বিভাগ
  • ভূগোল বিভাগ

বিজ্ঞান[সম্পাদনা কৰক]

  • উদ্ভিদ বিজ্ঞান বিভাগ
  • প্ৰাণী বিজ্ঞান বিভাগ
  • ৰসায়ন বিজ্ঞান বিভাগ
  • পদাৰ্থ বিজ্ঞান বিভাগ
  • অৰ্থনীতি বিভাগ
  • গণিত বিভাগ
  • মনোবিজ্ঞান বিভাগ
  • গাৰ্হস্থ্য বিভাগ
  • পৰিসংখ্যা বিভাগ

বাণিজ্য[সম্পাদনা কৰক]

  • হিচাপবিদ্যা
  • ব্যৱসায় পৰিচালনা

মহাবিদ্যালয়ৰ সুবিধাসমূহ[সম্পাদনা কৰক]

  • গ্ৰন্থাগাৰ
  • ছাত্ৰাবাস
  • ছাত্ৰীনিবাস
  • খেলপথাৰ
দৰং মহাবিদ্যালয়ৰ পূৰ্বৰ মুখ্য তোৰণ

আন্তঃগাঁথনি[সম্পাদনা কৰক]

  • শৈক্ষিক ভৱন
  • পুথিভঁৰাল
  • প্ৰেক্ষাগৃহ
  • ছাত্ৰ আৰু ছাত্ৰীৱাস
  • কেণ্টিন
  • জিৰণি কোঠা
  • খোৱাপানী
  • ক্ৰীড়া
  • পাৰ্কিং
  • নীৰৱচ্ছিন্ন শক্তি যোগান
  • ছাত্ৰ একতা সভাৰ কাৰ্যালয়
  • প্ৰাক্তন ছাত্ৰ কাৰ্যালয়
  • কম্পিউটাৰ কেন্দ্ৰ
  • IGNOUৰ কনভাৰ্জেন্স চেণ্টাৰ
  • আইডিঅ'ল চেণ্টাৰ
  • কেৰিয়াৰ কাউন্সেলিং আৰু প্লেচমেণ্ট চেল
  • ইডুছাট
  • মহিলা অধ্যয়ন কোষ
  • পৰিৱেশ অধ্যয়ন কেন্দ্ৰ
  • BIOTECH HUB
  • সংৰক্ষণ অধ্যয়নৰ কেন্দ্ৰ
  • বৃত্তিমূলক অধ্যয়ন কেন্দ্ৰ
  • ECIL পাঠ্যক্ৰম কেন্দ্ৰ[3]

স্বীকৃতি[সম্পাদনা কৰক]

ভাৰতীয় ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদে (NAAC) এই প্ৰতিষ্ঠানটোক ইয়াৰ পুনৰ স্বীকৃতি (তৃতীয় চক্ৰ)ত B+ গ্ৰেড প্ৰদান কৰিছে। এই স্বীকৃতি ২০১৯ চনৰ ২৭ মাৰ্চৰ পৰা ২০২৪ চনৰ ২৮ মাৰ্চলৈ বৈধ। এই সময়ছোৱাত,প্ৰতিষ্ঠানটোৱে ৪ পইণ্টৰ স্কেলত ২.৬৮ৰ সন্মানীয় চিজিপিএ লাভ কৰিছে। [4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "About College". Darrang College. https://darrangcollege.ac.in/about.php। আহৰণ কৰা হৈছে: 3 জুন 2024. 
  2. "Academics". Darrang College. Archived from the original on 2020-06-25. https://web.archive.org/web/20200625000000/https://https//udn.com/news/story/121424/4659358। আহৰণ কৰা হৈছে: 3 জুন 2024. 
  3. "Infrastructure". Darrang College. https://darrangcollege.ac.in/infrastructure.php। আহৰণ কৰা হৈছে: 3 জুন 2024. 
  4. "About College". Darrang College. https://darrangcollege.ac.in/about.php। আহৰণ কৰা হৈছে: 3 জুন 2024. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

আধিকাৰিক ৱেবছাইট