মুক্তি (শ্ৰব্য এলবাম)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মুক্তি
শ্ৰব্য এলবাম
মুক্তি ১৭ নৱেম্বৰ ১৯৯৭‌ (অডিঅ' কেছেট)
৮ জানুৱাৰী ১৯৯৮ (অডিঅ' চিডি)
শৈলী/ধৰণ অসমীয়া আধুনিক গীত
ভাষা অসমীয়া
জুবিন গাৰ্গ কালক্ৰম
শ্ৰদ্ধাঞ্জলি মুক্তি জানমণি

মুক্তি হৈছে ১৯৯৭[1] চনত মুক্তিলাভ কৰা এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম। এন কে প্ৰডাক্‌চনৰ বেনাৰত এলবামটি প্ৰযোজনা কৰে দেব কুমাৰে।[2] ১৯৯৭ চনৰ ১৭ নৱেম্বৰত অডিঅ' কেছেটত আৰু ১৯৯৮ চনৰ ৮ জানুৱাৰীত অডিঅ' চিডিত অসমীয়াৰ প্ৰথম অডিঅ' চিডি ফৰ্মেটত মুক্তি পাইছিল। জুবিন গাৰ্গে সংগীত পৰিচালনা কৰা এলবামটিৰ গীতৰ কথাও জুবিন গাৰ্গৰ। গীতসমূহ কন্ঠদান কৰে জুবিন আৰু জংকী বৰঠাকুৰে, তেওঁলোকৰ প্ৰথম সহোদৰ এলবাম। লগতে দ্বিজেন্দ্ৰ মোহন শৰ্মা ৰচিত আৰু বৈকুণ্ঠ নাথ গগৈয়ে সুৰ দিয়া আৰু গোৱা 'ফুল ফুলক' শীৰ্ষক গীতটি জুবিনে নতুনকৈ গাইছে।[3] এলবামটিৰ দুটিমান গীতত দেশপ্ৰেমৰ সোৱাদ পোৱা যায়।[4] জুবিনৰ সংগীত পৰিচালনাৰ আনবিলাক এলবামৰ দৰে মুক্তিকো শ্ৰোতা ৰাইজে ভালদৰে আদৰি লয়।[1]

গীতৰ তালিকা[সম্পাদনা কৰক]

এলবামটিত মুঠ ৮ টা গীত আছে। 'ফুল ফুলক' গীতটিৰ সুৰকাৰ বৈকুণ্ঠ নাথ গগৈ, বাকীকেইটাৰ সুৰ জুবিনৰ।[3]-

গীতৰ তালিকা
নং শিৰোনামগীতিকাৰগায়ক/গায়িকা দৈৰ্ঘ্য
1. "ফুল ফুলক"  দ্বিজেন্দ্ৰ মোহন শৰ্মাজুবিন গাৰ্গ ৪.৩১
2. "চকুৱে চকুৱে"  জুবিন গাৰ্গজুবিন গাৰ্গ, জংকী বৰঠাকুৰ ৫.২১
3. "সোণেৰে সজোৱা"  জুবিন গাৰ্গজুবিন গাৰ্গ ৪.২৮
4. "মেঘৰ বৰণ"  জুবিন গাৰ্গজুবিন গাৰ্গ ৫.১৩
5. "অবাক অবাক"  জুবিন গাৰ্গজুবিন গাৰ্গ ৫.৫০
6. "প্ৰতিটো প্ৰহৰ"  জুবিন গাৰ্গজুবিন গাৰ্গ ৫.১৫
7. "উজলাই ৰাখিছোঁ"  জুবিন গাৰ্গজুবিন গাৰ্গ, জংকী বৰঠাকুৰ ৫.০৪
8. "মুক্তি"  জুবিন গাৰ্গজুবিন গাৰ্গ, জংকী বৰঠাকুৰ ৬.১০
মুঠ দৈৰ্ঘ্য:
৪১.৫২

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Mukti". Future Sounds. http://www.futuresounds.in/store/mukti/। আহৰণ কৰা হৈছে: 7 মাৰ্চ 2015. 
  2. "Zubeen Garg". Net Library. http://netlibrary.net/articles/zubeen_garg। আহৰণ কৰা হৈছে: 5 মাৰ্চ 2015. 
  3. 3.0 3.1 "Mukti". Music India Online. Archived from the original on 2015-07-06. https://web.archive.org/web/20150706024340/http://mio.to/album/Mukti। আহৰণ কৰা হৈছে: 5 মাৰ্চ 2015. 
  4. "Zubeen Garg". Online Sivasagar. http://onlinesivasagar.com/music/zubeen-garg.html। আহৰণ কৰা হৈছে: 7 মাৰ্চ 2015. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]