ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে’-২০২৪/মুখবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

 ২০১২ চনৰ পৰা অসমীয়া ৱিকিৰ বিভিন্ন প্ৰকল্পৰ সৈতে জড়িত এগৰাকী দক্ষ আৰু কৌশলী ৱিকিমিডিয়ান চন্দন চিৰিং ফুকনৰ যোৱা ২৭ এপ্ৰিল, শনিবাৰে অকালতে দেহাৱসান ঘটিছে। অসমীয়া ভাষাটো ডিজিটেল পৃথিৱীখনত প্ৰতিষ্ঠা কৰাৰ বাবে নিৰলস অৱদান আগবঢ়াই যোৱা চন্দন চিৰিং ফুকনক হেৰুৱাই অসমীয়া ৱিকিমিডিয়া সমাজ শোকাভিভূত। এয়া কেৱল অসমীয়া ৱিকিমিডিয়া সমাজৰ বাবে নহয়, সমগ্ৰ অসমৰ বাবেই এক অপূৰণীয় ক্ষতি। তেওঁৰ লগতে তেওঁৰ পৰিয়ালৰ সকলোলৈকে অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জনাইছোঁ।

চন্দনৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে গ্ৰহণ কৰা প্ৰস্তাৱসমূহ হ'ল-

১) চন্দনৰ সকলো লেখা, ৱিকিত অৱদানৰ পৰিসংখ্যা, পদক আৰু ৱিকিপত্ৰিকাৰ শ্ৰদ্ধাঞ্জলিসূচক বাৰ্তাসমূহ যোগ দি এখন অনলাইন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাৰ প্ৰস্তাৱ। এই স্মৃতিগ্ৰন্থৰ অনলাইন আৰু অফলাইন কপি অসমীয়া ৱিকিপিডিয়াৰ জন্মদিন ২ জুনৰ দিনা আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব।

২) চন্দনৰ লগত জড়িত সকলো ফটো, অডিঅ' আৰু ভিডিঅ' ফাইল লগ লগাই এটা ভিডিঅ' প্ৰস্তুত কৰাৰ সিদ্ধান্ত। এই সংকলিত ভিডিঅ' ৰূপটো অসমীয়া ৱিকিৰ ইউটিউব চেনেল আৰু অন্যান্য সামাজিক মাধ্যমত অসমীয়া ৱিকিপিডিয়াৰ জন্মদিন ২ জুনৰ দিনা আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব।

৩) ৱিকিউদ্ধৃতিত প্ৰতিমাহে সৰ্বোচ্চ সম্পাদনা কৰা সদস্যগৰাকীক 'চন্দন চিৰিং পদক' প্ৰদান কৰা হ'ব।

৪) চন্দন চিৰিং ফুকন সোঁৱৰণি ন্যাস গঠন।

৫) বৰ্ষশ্ৰেষ্ঠ ৱিকিমিডিয়ান এজনক ‘চন্দন চিৰিং ফুকন বৰ্ষশ্ৰেষ্ঠ ৱিকিমিডিয়ান বঁটা' দিয়াৰ প্ৰস্তাৱ।

৬) ৱিকিউদ্ধৃতিত সক্ৰিয়তা বঢ়োৱাৰ উদেশ্যে ১ মে'ৰ পৰা ৩১ মে', ২০২৪ লৈ এখন চন্দন চিৰিং ফুকন সোঁৱৰণী ৱিকিউদ্ধৃতি সম্পাদনা মেলা আয়োজন কৰা হৈছে। এই মেলাত সৰ্বোচ্চ অৱদানকাৰীসকলক প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ হিচাপে ক্ৰমান্বয়ে ১২০০/-, ৮০০/- আৰু ৫০০/- টকাৰ সৈতে মানপত্ৰ প্ৰদান কৰা হ'ব। পুৰস্কাৰসমূহ অসমীয়া ৱিকিপিডিয়াৰ জন্মদিন ২ জুনৰ দিনা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব।