সমললৈ যাওক

বাৰাণসী-কাশী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কাশী নগৰী বৰ্তমান বাৰাণসী চহৰৰ অন্তৰ্গত এখন পৌৰাণিক নগৰী। কাশী বিশ্বৰ পুৰণি নগৰ সমূহৰ ভিতৰত অন্যতম । কাশী প্ৰাচীন ভাৰতৰ অন্যতম প্ৰতীক। বাৰাণসী গংগা নদীৰ পশ্চিম পাৰৰ বাৰণা আৰু অসী নদীৰ সংগমস্থলীত স্থাপিত বিশ্বৰ 'আটাইতকৈ পুৰণি জীৱন্ত নগৰ'। অতীতৰ কাশী আজিৰ বাৰাণসী, হিন্দু ধৰ্মৰ পবিত্ৰতাৰ প্ৰতীক। হৰিবংশ পুৰাণৰ মতে কাশী নগৰ স্থাপিত কৰিছিল "কাশ" নামৰ ৰজাই । কিছুমান বিদ্বানৰ মতে বৈদিক যুগৰ আগৰ পৰাই কাশী নগৰ আছিল।

প্ৰাচীন কালৰ কথা। গঙ্গা নদীৰ পানী এটা সুঁতিৰে বৈ গৈ কাশীৰ এঠাইত লহৰতাৰা বিলৰ সৃষ্টি কৰে। লহৰতাৰা বিল আজিও তাতে আছে। বিলৰ নিৰ্মল পানীত পদুম ফুল ভৰি আছিল। ১৩৯৮ চন (বিক্ৰমাব্দ ১৪৫৫) ৰ জেঠ মাহৰ শুক্লা পূৰ্ণিমাৰ ব্ৰহ্মমুহূৰ্তত নিজৰ সত্যলোক (ঋতধাম)ৰ পৰা সোঁশৰীৰে আহি পৰমেশ্বৰ কবীৰদেৱ শিশু ৰূপ ধাৰণ কৰি লহৰতাৰা বিলত পদুম ফুলৰ ওপৰত বিৰাজমান হৈছিল। এই সমগ্ৰ ঘটনা ঋষি অষ্টানন্দ (স্বামী ৰামানন্দৰ শিষ্য)ই প্ৰত্যক্ষ কৰিছিল। শিশু ৰূপ কবিৰদেৱক সেই বিলত স্নান কৰিবলৈ অহা নিঃসন্তান দম্পতী নিৰু আৰু নীমাই লৈ গৈছিল। এইদৰে শিশু ৰূপত প্ৰকট হৈ পিছলৈ চৈধ্য শতিকাত উত্তৰ ভাৰতত ধৰ্মোপদেশ দিয়া সন্তজনেই কবীৰদেৱ হয় যাক হেমকোষত নিৰাকাৰ ভগৱান বুলিও উল্লেখ কৰিছে। কিন্তু তেওঁ নিৰাকাৰ নহয় সাকাৰ ভগৱান হয়। তেওঁৰ মুখকমল নিসৃত বাণীৰ সংকলন "কবীৰ সাগৰ" পুথিখন পঞ্চম বেদ বুলিও জনাজাত। নীতিজ্ঞান আৰু ধৰ্মীয় সমন্বয় আদিৰ শিক্ষা দিবলৈ তেওঁ ৰচনা কৰা দোহাৱলী আজিও সমাদৃত। এইদৰে মানৱ কল্যাণৰ বাবে প্ৰকট হোৱা দিনৰে পৰা ১২০ বছৰলৈক কবীৰদেৱে দিনে নিশাই সংঘৰ্ষ কৰি ভক্তিৰ সত্য পথ দেখুৱাই আকৌ সোঁশৰীৰে সত্যলোক গমন কৰে।

যদিও কাশীৰ অতীত আক্ৰমণকাৰীয়ে বাৰে বাৰে ধ্বংস কৰিছিল, পুনেৰ পেশ্বৱা, ইন্দোৰৰ হোলকাৰ, গ্ৱালিয়ৰৰ সিন্ধিয়া আৰু বাৰাণসীৰ ৰজাই মন্দিৰ, ঘাট আৰু নগৰ পুনৰ নিৰ্মাণ কৰিছিল।

বাৰাণসীৰ প্ৰধান আকৰ্ষণ হৈছে বিশ্বনাথ মন্দিৰ আৰু গংগাৰ প্ৰাচীন ঘাট। ইয়াৰ প্ৰধান ঘাটসমূহ হ'ল - দশশ্বমেধ, মণিকৰ্ণিকা, হৰিশচন্দ্ৰ, মনমন্দিৰ, ৰাজেন্দ্ৰপ্ৰসাদ, পঞ্চগংগা, ৰাণীমহল, অহল্যবাই ঘাট ইত্যাদি। ইন্দোৰৰ মহাৰাণী অহল্যবাই হোলকৰে ১৭৭৭ খৃষ্টাব্দত বৰ্তমানৰ কাশী-বিশ্বনাথ মন্দিৰ প্ৰতিষ্ঠা কৰিছিল। আৰু পঞ্জাৱ কেশৰী ৰঞ্জিত সিঙে ১৮৩৯ খ্ৰীষ্টাব্দত মন্দিৰৰ শৃংগবোৰ সোণেৰে আবৃত কৰিছিল। মন্দিৰৰ দেৱতা ক’লা শিলৰ বিশ্বেশ্বৰ। ই বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম। বিশ্বনাথ মন্দিৰৰ বিপৰীতে অন্নপূৰ্ণা মন্দিৰ। ইয়াত কাৰ্তিক মাহৰ শুক্ল প্ৰতিপদত অন্নকুট উৎসৱ অনুষ্ঠিত হয়। ৰাণী ভৱনীয়ে প্ৰতিষ্ঠা কৰা দুৰ্গা মন্দিৰ মূল চহৰৰ পৰা ৪ কিলোমিটাৰ দূৰত। বগা শিলৰ তুলসী মানস মন্দিৰ গোধুলীয়াৰ পৰা ৩ কিলোমিটাৰ দূৰত। বিদ্যাপীঠ পথত ভাৰতমাতা মন্দিৰ। ১৯৩৬ চনত মহাত্মা গান্ধীয়ে এই মন্দিৰ উদ্বোধন কৰিছিল। এই মন্দিৰত মূৰ্তিৰ সলনি ভাৰতৰ শিলৰ মানচিত্ৰ আছে। ইয়াত এছিয়াৰ সৰ্ববৃহৎ আৱাসিক বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে। ১৯১৬ চনত পণ্ডিত মদনমোহন মালব্যই বেনাৰস হিন্দু বিশ্ববিদ্যালয় (BHU) প্ৰতিষ্ঠা কৰে। বিশ্ববিদ্যালয় সংগ্ৰহালয় ‘ভাৰত কলাভৱন’ত আছে যি এক আচৰিত ধৰণৰ চিত্ৰ আৰু ভাস্কৰ্য্যৰ সংকলন। গংগাৰ পূব পাৰত আছে সোতৰ শতিকাত নিৰ্মিত ৰামনগৰ দুৰ্গ। ৰাজবাৰীত দুৰ্গা আৰু চিন্নমস্তাৰ মন্দিৰ আছে। প্ৰতি বছৰে আহিন মাহত ৰামনগৰত এমাহজোৰা ৰামলীলা উৎসৱ পালন কৰা হয়। হিন্দু পৌৰাণিক কাহিনীত বৰ্ণিত সতী কাহিনীৰ একাৱন্নটা সতী পীঠৰ ভিতৰত বাৰাণসী অন্যতম। মণিকৰ্ণিকা ঘাটত পৰিছিল দেৱী সতীৰ সোঁ কাণৰ মণি । গতিকে ই অন্যতম জনপ্ৰিয় ঠাই। যুগ যুগ ধৰি গংগাৰ পাৰত বহু নগৰ নিৰ্মাণ হৈ আহিছে। বেনাৰস বা বাৰাণসী তাৰ উদাহৰণ। মাতৃ গংগাৰ পাৰত প্ৰায় এশটা ঘাট। ইয়াৰ ভিতৰত মূল ঘাট ২৫টা। আছি ঘাটৰ পৰা ৰাজ ঘাটলৈকে বছৰটোৰ ভিতৰতে ভক্ত আৰু পৰ্যটকৰ সমাগম হয়। ভ্ৰমণলৈ যাব বিচাৰিলে দশশ্বমেধ ঘাটৰ পৰা নাও যাত্ৰা আৰম্ভ কৰিব পাৰি। যাত্ৰা শেষ হয় হৰিশচন্দ্ৰ ঘাটত। যদি নাৱেৰে যাবলৈ মন নাযায় তেন্তে খোজকাঢ়ি বাৰাণসীৰ সৌন্দৰ্য্য দৰ্শন কৰিব পাৰি। ঘাটত টুৰিষ্ট গাইডো পাব। তেওঁলোকৰ মুখৰ পৰা বাৰাণসীৰ ৰোমাঞ্চকৰ কাহিনীও শুনিব পাৰিব। বাৰাণসীৰ দক্ষিণ প্ৰান্তত আছে অসী ঘাট। তাতে অসী নদী মাতৃ গংগাৰ লগত মিলি যায়। দক্ষিণৰ অৱস্থানৰ বাবে মানুহ তালৈ বেছি নাযায়। ফলত বেছি ভিৰ নহয়। শান্ত, নিস্তব্ধ ঘাটটো নিসংগতাত সময় কটোৱাৰ বাবে এক আদৰ্শ স্থান। অৱশ্যে এই ঘাটৰ হিন্দুসকলৰ বাবে বিশেষ তাৎপৰ্য আছে। বাৰাণসীলৈ আহি শিৱ পূজা কৰাৰ আগতে এই ঘাটত ভক্তসকলে গা স্নান কৰে।

বাৰাণসী ঘাটৰ হৃদপিণ্ড হৈছে দশশ্বমেধ ঘাট। আটাইতকৈ পুৰণি আৰু আকৰ্ষণীয় ঠাই। এই ঘাট হিন্দুসকলৰ বাবে পবিত্ৰ। ইয়াৰ মূল আকৰ্ষণ হৈছে গংগা আৰতি। কেৱল আৰতি চাবলৈ দেশ-বিদেশৰ বহু লোকে দশশ্বমেধ ঘাটত ভিৰ কৰে। প্ৰতিদিনে গধূলিৰ পিছত ভাৰতৰ তিনিটা মূল স্থান - হৰিদ্বাৰ, ঋষিকেশ আৰু বাৰাণসীত গংগা আৰতি আৰম্ভ হয়।

সংগীতেৰে নদীৰ ফালে মুখ কৰি আৰতি কৰা হয়। ৮-১০ জন পণ্ডিতে ডাঙৰ ডাঙৰ লেম্প জ্বলাই তাত আৰতি কৰিছিল। দৃশ্যটো দেখা নাপালে শব্দৰে ক’বলৈ টান। আৰতিৰ শেষত সকলো ভক্তই একেলগে প্ৰণাম কৰে। আচহুৱা কথাটো হ’ল ধুমুহা বৰষুণ বা চৰম ঠাণ্ডাতো কোনো সময়তে সন্ধিয়া আৰতি বন্ধ নহয়। ঘাটত বহি ঘণ্টাৰ পিছত ঘণ্টা সময় কটালেও কেতিয়াও ভাগৰুৱা নহয়। এনেকুৱাই তাৰ মহত্ত্ব।

দশশ্বমেধ ঘাটৰ দৰে আন এখন ঘাটৰ জনপ্ৰিয় নাম – মণিকৰ্ণিকা ঘাট। আচলতে ই এটা শ্মশান। বাৰাণসীৰ অধিকাংশ অন্ত্যেষ্টিক্ৰিয়া এই ঘাটতে হয়। এই ঘাটত আত্মাক দাহ কৰিলে পুনৰ জন্মৰ চক্ৰৰ পৰা মুক্ত হয় বুলি হিন্দুসকলে বিশ্বাস কৰে। সকলো দোষ মচি পেলোৱা হয়।