সমললৈ যাওক

পানী বগলী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পানী বগলী (Intermediate Egret)
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Pelecaniformes
পৰিয়াল: Ardeidae
গণ: Mesophoyx
প্ৰজাতি: M. intermedia
বৈজ্ঞানিক নাম
Mesophoyx intermedia
(Wagler, 1827)
সমাৰ্থক

Ardea intermedia
Egretta intermedia

পানী বগলী[2] (ইংৰাজী: Intermediate Egret বা Median Egret,[3] বা Smaller Egret[4]বা Yellow-billed Egret, বৈজ্ঞানিক নাম-Mesophoyx intermedia) এটা মজলীয়া আকাৰৰ বগলীৰ প্ৰজাতি৷ ই পূব আফ্ৰিকা, দক্ষিণ-পূব এছিয়া আৰু অষ্ট্ৰেলিয়াৰ এটা স্থানীয় চৰাই৷

বিৱৰণ[সম্পাদনা কৰক]

পানীবগলীৰ দেহৰ আকাৰ বৰ বগ আৰু বামুণ বগলীৰ আকাৰৰ মাজৰ অৰ্থাৎ মধ্যমীয়া হয়। ইয়াৰ দেহৰ দৈৰ্ঘ্য ৫৬-৭২ ছে: মি: আৰু ওজন প্ৰায় ৪০০ গ্ৰাম হোৱা দেখা যায়। [5]। ইয়াৰ দেহটো বগা ঢকঢকীয়া, ঠেং গাঢ় আৰু ঠোঁট হালধীয়া হয়। প্ৰজননৰ কালত পূৰ্ণবয়স্ক পানীবগলীৰ ঠোঁট ৰঙচুৱা হয়। মতা-মাইকী উভয়ে দেখাত একে হয়।

বৰ বগৰ সৈতে পাৰ্থক্য[সম্পাদনা কৰক]

বৰ বগ আৰু পানীবগলীৰ পাৰ্থক্য
মূৰ অংশ

প্ৰজনন নোহোৱা কালত আকাৰৰ বাহিৰে দুয়োবিধ প্ৰজাতিৰ বিশেষ পাৰ্থক্য দেখা পোৱা নাযায়। অৱশ্যে পানীবগলীৰ ডিঙি আৰু ঠোঁট কিছু চুটি হয়। সূক্ষ্মভাৱে লক্ষ্য কৰিলে দেখা যায় যে বৰ বগৰ ঠোঁটৰ মাজত থকা নোমবিহীন আঁচডাল চকুৰ পিছলৈকে থাকে, কিন্তু পানীবগলীৰ এই আঁচডাল চকুৰ তলতে শেষ হয়। পানীবগলীয়ে ডিঙি মেলি খাদ্যৰ বাবে জোপ লৈ থাকে। বৰ বগ ইয়াতকৈ অধিক ধৈৰ্যশীল আৰু ই প্ৰায়ে একাষে মুৰ কৰি এটা চকুৰে চোৱাৰ দৰে কৰি জোপ লয়।

বামুণ বগলীৰ সৈতে পাৰ্থক্য[সম্পাদনা কৰক]

বামুণ বগলীৰ ঠেং হালধীয়া আৰু ঠোঁট ক'লা বৰণৰ হোৱা দেখা যায়। প্ৰজনন কালত ইহঁতৰ মূৰৰ পৰা বিশেষ ধৰণৰ পাখি ওলায় যিটো পানী বগলীৰ ক্ষেত্ৰত দেখা নাযায়।

বিতৰণ[সম্পাদনা কৰক]

আচৰণ[সম্পাদনা কৰক]

খাদ্য[সম্পাদনা কৰক]

পানী বগলীয়ে সাধাৰণতে পানীৰ পৰা বিভিন্ন ধৰণৰ মাছ, পোক-পতংগ, কেকোঁৰা, ভেকুলী আদি চিকাৰ কৰি খায়৷ ই প্ৰায়ে জোপ লৈ থাকি অগভীৰ পানীত খাদ্যৰ সন্ধান কৰা দেখা পোৱা যায়৷

প্ৰজনন[সম্পাদনা কৰক]

পানী বগলীয়ে প্ৰায়ে আন জলচৰ চৰাইৰ স'তে বৃহৎ ক'লনী গঠন কৰি বাস কৰে৷ ই গছৰ ডালি-পাত আদিৰে বাহ সাজে৷ এবাৰত ই ২-৫ টাকৈ কণী পাৰে৷

তথ্যসুত্ৰ[সম্পাদনা কৰক]

  1. BirdLife International (2008). Mesophoyx intermedia. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 9 February 2009. Database entry includes justification for why this species is of least concern.
  2. N.N. Dutta et al, Annals of Biological Research, 2011, 2 (5):374-384
  3. Grewal, Bikram; Bill Harvey and Otto Pfister (2002). Photographic guide to birds of India. Periplus editions. 
  4. Ali, S. (1993). The Book of Indian Birds. প্ৰকাশক Bombay: Bombay Natural History Society. ISBN 0-19-563731-3. 
  5. del Hoyo,J., Elliott, A. and Sargatal, J.(1992) Handbook of the Birds of the World. Volume 1: Ostrich to Ducks. Lynx Edicions, Barcelona.

লগতে চাওক[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

আলোকচিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]