চাইকেল চালনা আৰু নাৰীবাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Bicycling and feminismৰ পৰা পুনঃনিৰ্দেশিত)
নাৰীৰ ভোটাধিকাৰৰ সপক্ষে প্ৰস্তুত কৰা এটি ডাকটিকট, নিউজিলেণ্ডৰ

বহুকেইটা ক্ষেত্ৰতে বাইচাইকেলে নাৰীৰ জীৱনধাৰাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে৷ [1][2][3]১৮৯০ৰ দশকত আমেৰিকান আৰু ইউৰোপিয়ান সমাজক প্ৰভাৱান্বিত কৰি যোৱা বাইচাইকেলৰ উন্মাদনাৰ সময়তে নাৰীৰ সামাজিক ভূমিকাইও গুৰুত্বপূৰ্ণ প্ৰসংগ হিচাপে ঠাই পাইছে৷ [4] এইখিনি সময়তে এই বাইচাইকেলবোৰে মহিলাক চলন-ফুৰণৰ বাবে যথেষ্ট সুবিধা প্ৰদান কৰিছিল৷[3][5] নাৰীবাদী এন্নি লণ্ডনডেৰীয়ে পৃথিৱীৰ-চৌপাশে চাইকেল ভ্ৰমণ কৰা প্ৰথমগৰাকী মহিলা হিচাপে সেইসময়ত নাম আৰ্জিছিল৷ [6][7][8] আমেৰিকান চাইকেল কোম্পানীয়ে আগবঢ়োৱা মূল্য আৰু বিভিন্ন পৰিশোধ পৰিকল্পনাৰ বাবে চাইকেলখন বেছিভাগ লোকৰ বাবে সেইসময়ত সুলভ হৈ উঠিছিল।[3] অৱশ্যে, বাইচাইকেলে উচ্চ আৰু মধ্য বিত্তীয় শ্বেতাংগ মহিলাৰ সমাজখনতহে প্ৰভাৱ পেলাইছিল৷[3] এই পৰিৱৰ্তনৰ ফলস্বৰূপে এই মহিলাসকলে কেৱল পৰিচৰ্যাকাৰী, পত্নী, অথবা ঘৰৰ ভিতৰতে সোমাই থকা মাতৃৰ ব্যক্তিগত ভূমিকাৰ পৰা খন্তেক আঁতৰ হৈ সমাজৰ অন্যান্য কৰ্মত অংশগ্ৰহণ কৰাৰ সুবিধা পাইছিল আৰু এই সামাজিক সংযোগৰ সূত্ৰেই তেওঁলোকক ৰাজহুৱা স্থানতো নতুন ৰূপত দেখা গৈছিল৷ [3][9]

চাইকেল উন্মাদনাৰ আগৰছোৱা[সম্পাদনা কৰক]

১৮৯০ৰ দশকৰ আগতে, বাইচাইকেলে সাধাৰণতে এবিধ বেলেগধৰণৰ বাহন বুলি গণ্য কৰা হৈছিল আৰু ই জনপ্ৰিয় হৈ উঠা নাছিল৷ ১৮৬০ৰ দশকত আৰু ১৮৮০ৰ দশকৰ মধ্যছোৱাৰ মাজত দৃশ্যমান হোৱা বাইচাইকেলখন আছিল ওখ চকাসম্পন্ন৷ ইয়াক ব্যৱহাৰ কৰা যিমান জটিল, এইখন চলোৱাত নৈপুণ্য অৰ্জন কৰাটোও সিমানেই বিপদজনক৷ সাধাৰণ চাইকেলখন ব্যৱহাৰ কৰিছিল পুৰুষসকলে৷ আনহাতে মহিলাসকলে দুই-আসনযুক্ত, টেণ্ডেম আৰু ত্ৰি-চাইকেল ব্যৱহাৰ কৰিছিল৷১৮৬০ৰ দশকৰ আৰম্ভণিতে সংগযুক্ত চালনা জনপ্ৰিয় হৈ উঠিছিল আৰু পুৰুষ-মহিলাৰ মাজত সমান লোকপ্ৰিয়তা অৰ্জন কৰিছিল৷ এই বাহনবোৰে পুৰুষ আৰু মহিলাৰ মাজত সমন্বিত সামাজিকীকৰণৰ কেতবোৰ নতুন ৰীতিৰ বিকাশ ঘটাবলৈ প্ৰৰোচিত কৰিছিল৷ অৱশ্যে, ১৮৮০ৰ দশকৰ মাজলৈকে, চাইকেলৰ চালনাত মহিলাসকল প্ৰায়েই পুৰুষৰ ওপৰত নিৰ্ভৰশীল হৈ আছিল৷ এই ব্যৱস্থাটোৰ জৰিয়তে প্ৰকাৰান্তৰে পুৰুষেই যে মহিলাসকলক নিৰাপদে ৰাখিব জানে আৰু তেওঁলোকৰ ওপৰত যে এক কতৃত্বশীলতা ন্যস্ত হৈ আছে-তাৰেই এটা বাৰ্তা সমাজলৈ গৈছিল৷ সেয়েহে সংগপূৰ্ণ চালনাই পুৰুষ আৰু মহিলাৰ মাজত সামাজিক ব্যৱধানৰ হ্ৰাস ঘটাই এক বিপ্লৱৰ সূচনা কৰিলেও মহিলাৰ স্থান সেইসময়ত নিম্নয়েই হৈ (নিচাত্মিকাবোধ) আছিল আৰু ইয়াৰ লগে লগে ভবা হৈছিল যে, কেৱল পুৰুষেই বাইচাইকেলখন চলাব পৰাকৈ ক্ষমতাশালী৷ [3][10]

সাজ-সজ্জা[সম্পাদনা কৰক]

নতুন নাৰী আৰু তেওঁৰ বাইচাইকেল, এনেধৰণৰ কেইবাটাও প্ৰকাৰ সেইসময়ত উপলব্ধ (১৮৯৫)[11]

১৮৮৫ আৰু ১৮৯৫ চনৰ ভিতৰৰ উদ্ভাৱক আৰু অভিযন্তাসকলে পূৰ্বৰ নিৰাপদ বাইচাইকেলৰ প্ৰজন্মটোৰ বিকাশ ঘটাবলৈ সক্ষম হৈছিল৷ [3] এইবোৰ বিকাশৰ জৰিয়তে, এক নতুনধৰণৰ সুৰক্ষিত বাইচাইকেল মহিলাৰ বাবে ডিজাইন কৰা হৈছিল, যাৰ জৰিয়তে তেওঁলোকৰ সাজ-সজ্জাই চাইকেল চালনাত অসুবিধা জন্মোৱাৰ শংকা কমি গৈছিল৷ অৱশ্যে, দীঘলীয়া স্কাৰ্টৰ দৰে কেতবোৰ পৰিধানে চাইকেল-চালনাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি নকৰাকৈ থকা নাছিল৷ সেইবাবে বাইচাইকেল চলাবলৈ সুবিধাজনক হোৱাকৈ কেতবোৰ সাজ-পোছাকো মহিলাৰ বাবে প্ৰস্তুত কৰা হৈছিল৷ তাৰে ভিতৰত বিভক্ত স্কাৰ্ট, চুটি ড্ৰষ্ট্ৰিঙৰ সৈতে স্কাৰ্ট, ব্লুমাৰলৈ পৰিৱৰ্তিত হোৱা স্কাৰ্ট আদি উল্লেখ কৰিব পাৰি৷ এই সকলোবোৰ বাইচাইকেল পৰিধানৰ ভিতৰত, ব্লুমাৰ সাজযোৰ এতিয়াও জনপ্ৰিয়৷ ইয়াত সম্পূৰ্ণ ট্ৰাউজাৰ আছিল, গোৰোহাৰ ওপৰত গোট খাইছিল, ওপৰত দেখনীয়াৰ জেকেটৰ সৈতে কম দৈৰ্ঘ্যৰ স্কাৰ্ট পিন্ধা হৈছিল।[10]

স্বাস্থ্য[সম্পাদনা কৰক]

পুণ্টা গেল্লিনাছত ক্ৰিষ্টিনা স্পিনোলা. ২০১৫ (কলম্বিয়া)
১৮৯০ৰ দশকত বাইচাইকেলৰ সৈতে মহিলা
২০০৯ চনৰ জাপানৰ ফুকুশ্বিমা চহৰত পানীয় বিতৰণ কৰিবলৈ বাইচাইকেলৰ ব্যৱহাৰ

ঊনবিংশ শতিকাৰ শেষৰ ফালে চিকিৎসকসকলে ৰাজহুৱা স্থানত সকলোকে সঘনাই ব্যায়াম কৰিবলৈ উৎসাহিত কৰিছিল৷ ইয়াৰ সমান্তৰালকৈ তেওঁলোকে চাইকেল-চালনাক এটা জনপ্ৰিয় কামত পৰিণত কৰিবলৈ প্ৰয়াস কৰিছিল। কিন্তু অত্যধিক চাইকেল চলোৱাৰ প্ৰভাৱ, বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত চাইকেল-চালনাৰ প্ৰভাৱ সম্পৰ্কে চিকিৎসকসকল চিন্তিত হৈ পৰিছিল। ১৮৯৫ চনত দ্য লিটাৰেৰী ডাইজেষ্টত প্ৰকাশিত এটা প্ৰবন্ধত চাইকেলৰ সন্মুখৰ অংশৰ বিষয়ে পৰ্যালোচনা কৰা হৈছিল৷ দ্য স্প্ৰিংফিল্ড ৰিপাব্লিকানে "মহিলা, ছোৱালী আৰু মধ্যবয়সীয়া পুৰুষে" অত্যধিক চাইকেল চালনাৰ বিৰুদ্ধে সকীয়াই দিছিল।[12]এনেধৰণৰ প্ৰবন্ধই এনে এটা বিশ্বাস সমাজত প্ৰতিষ্ঠিত কৰিছিল যে অত্যধিক চাইকেল-চালনাই মহিলাসকলৰ দেহত এক্স'ফ্থালমিক গ'ইটাৰ, এপেণ্ডিচাইটিছ আৰু অভ্যন্তৰীণ প্ৰদাহ হোৱা আদি ৰোগৰ সৃষ্টি কৰিব পাৰে[13]

একাংশ পুৰুষ চিকিৎসকে চাইকেলৰ সম্পৰ্কত মহিলাৰ সামৰ্থ্য আৰু তেওঁলোকৰ শৰীৰৰ দুৰ্বলতাৰ বিষয়ে উল্লেখ কৰি থকাৰ সময়তে চাইকেল অনুৰাগীসকলে এই চিকিৎসা মূল্যায়নৰ বিৰোধ কৰিছিল৷ তেওঁলোকে দৃঢ়তাৰে কৈছিল যে শাৰীৰিক কাৰ্যকলাপে মানুহৰ স্বাস্থ্য সজীৱ কৰি তোলে।[14] মহিলাসকলে কিছুসংখ্যক প্ৰবন্ধৰ জৰিয়তে তেওঁলোকৰ শৰীৰী সক্ষমতাৰ বিষয়ে প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিলে৷ মেৰী বিছলেণ্ড, মেৰী চাৰ্জেণ্ট হপকিন্স, এমা মফেট টিঙৰ দৰে মহিলাসকলে কৈছিল যে চাইকেল-চালনাই দীৰ্ঘদিন ধৰি নিষ্ক্ৰিয় হৈ থকা পেশীবোৰক পুনৰ জীৱন্ত কৰি তোলে আৰু আৰোহীসকলক আৱেগিকভাৱে সুস্থিৰ অনুভৱ কৰাত সহায় কৰে৷ ইয়াৰ লগতে মহিলাসকলক চাইকেল-চালনাৰ জৰিয়তে নিজৰ শাৰীৰিক সীমা পুনৰ-নিৰ্ধাৰণ কৰিবলৈ উৎসাহিত কৰে। তেওঁলোকে কৈছিল যে-চাইকেলে তেওঁলোকক আক্ষৰিক অৰ্থত শক্তিশালী কৰাই নহয়, নিজৰ সামৰ্থৰ ওপৰতো অধিক আত্মবিশ্বাসী কৰি তুলিছে। ইয়াৰ ফলত মহিলাসকলে কেৱল তেওঁলোকৰ শৰীৰৰ ওপৰত অধিক গুৰুত্ব দিয়াই নহয়, তেওঁলোকৰ পূৰ্বৰ ঘৰুৱা ভূমিকা গ্ৰহণ কৰিবলৈ আৰু ৰাজহুৱা ক্ষেত্ৰত নতুন ভূমিকা অন্বেষণ কৰিবলৈও মানসিকভাৱেও শক্তিশালী হৈ উঠে।[15]

১৯৭৭ চনত ইজিপ্তৰ নাৰীবাদী নৱাল এল সাদাৱীৰ গ্ৰন্থ Women in the Arab Worldত লিখা হৈছে যে আৰব সংস্কৃতিয়ে আগতে নাৰী কুমাৰীত্বক অযথা গুৰুত্ব দিছিল। উদাহৰণস্বৰূপে, চাইকেল-চালনা বা ঘোঁৰা-চালনাৰ দৰে ক্ৰীড়াৰ ফলত সতীচ্ছদ (Hymen) ক্ষতিগ্ৰস্ত হোৱা ছোৱালী এজনীয়ে পাৰিবাৰিক আৰু সামাজিক জীৱনত নেতিবাচক পৰিণতিৰ সন্মুখীন হ’বলগীয়া হৈছিল।[16]

একক মহিলা চাইকেল ভ্ৰমণকাৰী[সম্পাদনা কৰক]

একক মহিলা বিশ্ব প্ৰদক্ষিণকাৰীৰ তালিকা
নাম জন্মৰ চন ৰাষ্ট্ৰীয়তা
এন্নি লণ্ডনডেৰি ১৮৭০ ইহুদী-লেটভিয়ান-আমেৰিকীয়
ডাৰ্ভলা মাৰ্ফি ১৯৩১ আইৰিছ
এনি মাষ্টো ১৯৩৩ ইংৰাজ
জছি ডিউ ১৯৬৬ ইংৰাজ
ক্ৰিষ্টিনা স্পিনোলা ১৯৭৬ স্পেনিছ
জেনি গ্ৰাহাম ১৯৭৯-১৯৮০ স্কটিছ
জুলিয়ানা বাহৰিং ১৯৮১ ব্ৰিটিছ-জাৰ্মান
ছানা ইকবাল ১৯৮৭ ভাৰতীয়
বেদাংগী কুলকাৰ্ণি ১৯৯৮ ভাৰতীয়

লিংগ ব্যৱধান[সম্পাদনা কৰক]

জেনিফাৰ বনহাম আৰু কেট জংনিকে ক'ব খোজে যে, লিংগ আৰু চাইকেল-চালনাৰ সাহিত্যই একাধিক জনবসতিৰ মাজত থকা চাইকেল-চালনাৰ অসমান গ্ৰহণযোগ্যতাৰ আঁৰৰ কাৰণসমূহ অধ্যয়ন কৰে।[17] তেওঁলোকৰ মতে, অষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা, চিলি, ব্ৰিটেইন আৰু আমেৰিকাৰ দৰে কম চাইকেল চলোৱা দেশৰ চাইকেল আৰোহীৰ মাজত মহিলাৰ সংখ্যা প্ৰভাৱশালী নহ'লেও তেওঁলোকৰ সংখ্যা অধিক হাৰত চাইকেল চলোৱা দেশ যেনে নেডাৰলেণ্ড আৰু ডেনমাৰ্কৰ পুৰুষৰ সৈতে সাদৃশ্যতুল্য৷ সেয়েহে মহিলাসকলৰ বাইচাইকেল-চালনাৰ প্ৰতি কোনো স্বাভাৱিক বিতৃষ্ণা আছে বুলি অনুমান কৰাটো ভুল।[17]

চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু চাইকেল[সম্পাদনা কৰক]

চন্দ্ৰপ্ৰভা শইকীয়ানীৰ অৱদানক সুঁৱৰি ভাৰত চৰকাৰৰ স্মৃতিচাৰক ডাকটিকট

চন্দ্ৰপ্ৰভা শইকীয়ানী (১৬ মাৰ্চ, ১৯০১ – ১৬ মাৰ্চ, ১৯৭২) আছিল অসম,ভাৰতৰ এগৰাকী স্বাধীনতা সংগ্ৰামী, সমাজসেৱী আৰু সাহিত্যসেৱী। তেওঁক অসমৰ নাৰীবাদী আন্দোলনৰ পথ প্ৰদৰ্শক বুলি গণ্য কৰা হয়৷ তেওঁ মহিলাসকলৰ কল্যাণৰ বাবে কাম কৰা বেচৰকাৰী সংস্থা সদৌ অসম প্ৰদেশিক মহিলা সমিতিৰ প্ৰতিষ্ঠাপকসকলৰো অন্যতম। ১৯৭২ চনত চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক বঁটা পদ্মশ্ৰী লাভ কৰিছিল। ইয়াৰ তিনিটা দশকৰ পিছত ২০০২ চনত ভাৰত চৰকাৰে সামাজিক সংগঠকৰ শৃংখলাত শইকীয়ানীৰ অৱদান সুঁৱৰি এটি স্মৃতিচাৰক ডাকটিকট প্ৰকাশ কৰে।

চন্দ্ৰপ্ৰভা শইকীয়ানী অসমত চাইকেল চলোৱা প্ৰথমগৰাকী মহিলা আছিল৷ [18] অসম তথা ভাৰতত স্বাধীনতা আন্দোলনৰ সময়ছোৱাত অসমত গঠিত হোৱা মহিলা সমিতিৰ গঠন আৰু সমিতিৰ কাৰ্যাৱলী প্ৰচাৰ-প্ৰসাৰৰ দিশসমূহ চোৱা-চিতা কৰিবলৈ চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে চাইকেলৰ সহায় লৈছিল৷ বিংশ শতিকাৰ ৰক্ষণশীল আৰু পুৰষতান্ত্ৰিক সময়ছোৱাত এইদৰে চাইকেল চলাই সমাজ সংগঠনৰ কামত ঘূৰি ফুৰাৰ বাবে তেওঁ সমাজৰ এটা চামৰ পৰা নিন্দা আৰু অনাকাংক্ষিত মন্তব্যৰো মুখামুখি হৈছিল৷ মহিলাৰ শিক্ষাৰ বাবে নিষ্ঠাসহকাৰে একক যাত্ৰা অব্যাহত ৰখাত চন্দ্ৰপ্ৰভা শিইকীয়ানীক এই চাইকেলখনে বাৰুকৈয়ে সহায় কৰিছিল আৰু ইয়াৰ জৰিয়তে সেই সময়ছোৱাতেই চন্দ্ৰপ্ৰভা শইকীয়ানী নাৰীবাদৰ এক প্ৰতীক হিচাপে বিবেচিত হৈছিল৷ ১৯৩৭ চনত চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে তেওঁৰ দ্বাৰা লিখিত উপন্যাস 'পিতৃভিঠা'খন প্ৰকাশ হোৱাৰ পিছত সেই কিতাপখন বিক্ৰী কৰিবলৈ কিতাপৰ টোপোলাটো চাইকেলত বান্ধি ঠায়ে-ঠায়ে গৈ বিক্ৰীৰ দিহা কৰিছিল৷ [19]

গ্ৰন্থ[সম্পাদনা কৰক]

১৮৯০ চনৰ সময়ছোৱাত মহিলাসকলক চাইকেল-চালনাৰ সহায় কৰাৰ উদ্দেশ্যে বহু মহিলা আৰু একাংশ পুৰুষে কিছুসংখ্যক আত্মসহায়ক কিতাপ লিখিছিল। এই কিতাপসমূহৰ ভিতৰত তেওঁলোকৰ জীৱনত চাইকেলে কি প্ৰভাৱ পেলাব পাৰে সেই বিষয়ে কিছু কৌশল আৰু ব্যক্তিগত চিন্তা-চৰ্চা সন্নিৱিষ্ট কৰা হৈছিল। উইমেনছ খ্ৰীষ্টান টেম্পৰেন্স ইউনিয়নৰ (ডব্লিউ চি টি ইউ) ৰাষ্ট্ৰীয় সভানেত্ৰী ফ্ৰান্সিছ এলিজাবেথ উইলাৰ্ডে A Wheel Within A Wheel নামৰ এখন কিতাপ লিখিছিল, য’ত তেওঁ বাইচাইকেল-চালনাৰ জৰিয়তে প্ৰাপ্ত হোৱা আনন্দ আৰু স্বাস্থ্যজনিত উপকাৰিতাৰ লগতে চাইকেল চলোৱাক কেনেকৈ পুৰুষ আৰু মহিলাক মদ্যপান কৰাত বাধা দিয়ে-তাকে প্ৰকাৰান্তৰে প্ৰকাশ কৰিছিল।[1]

এলিজাবেথ কেডি ষ্টেণ্টনে লিখিছিল যে: চাইকেল হৈছে এনে এক আহিলা যিয়ে মহিলাসকলক শক্তিশালী কৰিবলৈ আৰু সমাজত বৃদ্ধি পোৱা ভূমিকা গ্ৰহণ কৰিবলৈ প্ৰেৰণা দিয়ে।[20] চুজান বি এন্থনীয়ে ১৮৯৬ চনত লিখিছিল: "চাইকেল চলোৱাৰ বিষয়ে মই ভাবোঁ যে চাইকেলে পৃথিৱীৰ আন সকলোবোৰ উপাদানতকৈ নাৰীক মুক্ত কৰাৰ দিশত অধিক সহায় কৰিছে। মহিলাই চাইকেল চলাই যোৱা দেখিলে মই প্ৰতিবাৰেই থিয় হৈ আনন্দ প্ৰকাশ কৰোঁ৷ [20]


লগতে পঢ়ক[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 Willard, Frances Elizabeth (1895). A Wheel Within a Wheel: How I Learned to Ride the Bicycle with Some Reflection By the Way. Fleming H. Revell Company. https://archive.org/details/wheelwithinwheel00williala/page/10। আহৰণ কৰা হৈছে: March 23, 2019. 
  2. Stanton, Elizabeth Cady. "Elizabeth Cady Stanton Papers: Speeches and Writings- 1902 Articles; Undated; "Shall Women Ride the Bicycle?" undated". Library of CongressLibrary of Congress. https://www.loc.gov/resource/mss41210.mss41210-002_00609_00616/?sp=6। আহৰণ কৰা হৈছে: 23 March 2019. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 3.6 Harmond, Richard (1971). "Progress and Flight: An Interpretation of the American Cycle Craze of the 1890s". Journal of Social History খণ্ড 5 (2): 235–257. doi:10.1353/jsh/5.2.235. 
  4. Rubinstein, David (1977). "Cycling in the 1890s". Victorian Studies খণ্ড 21 (1): 47–71. 
  5. Hallenbeck, Sarah (2010). "Riding Out of Bounds: Women Bicyclists' Embodied Medical Authority". Rhetoric Review খণ্ড 29 (4): 327–345. doi:10.1080/07350198.2010.510054. 
  6. Blickenstaff, Brian (23 September 2016). "Annie Londonderry: the Self-Promoting Feminist Who Biked Around the World" (en ভাষাত). Vice. https://www.vice.com/en_uk/article/nzx7ab/annie-londonderry-the-self-promoting-feminist-who-biked-around-the-world. 
  7. "10 Things you Didn't Know about Annie Londonderry". Total Women's Cycling. Archived from the original on 18 April 2023. https://web.archive.org/web/20230418041231/https://totalwomenscycling.com/lifestyle/10-things-didnt-know-annie-londonderry. 
  8. "First woman to cycle the globe begins journey". Jewish Women's Archive. 25 June 1894. http://jwa.org/thisweek/jun/25/1894/annie-cohen-kopchovsky। আহৰণ কৰা হৈছে: September 21, 2016. 
  9. Petty, Ross D. (2010). "Bicycling in Minneapolis in the Early 20th Century". Minnesota History খণ্ড 62 (3): 66–101. 
  10. 10.0 10.1 Christie-Robin, J.; Ozada, B. T.; Lòpex-Gydosh, D. (2012). "From Bustles to Bloomers: Exploring the Bicycle's Influence on American Women's Fashion, 1880-1914". The Journal of American Culture খণ্ড 35 (4). সাঁচ:ProQuest. 
  11. Opper, Frederick Burr (1895-06-19). "The "new woman" and her bicycle - there will be several varieties of her" (en ভাষাত). www.loc.gov. https://www.loc.gov/pictures/item/2012648801/। আহৰণ কৰা হৈছে: 12 January 2022. 
  12. "The 'Bicycle Face'". The Literary Digest খণ্ড 11 (19): 8 (548). 7 September 1895. https://books.google.com/books?id=Eqk5AQAAMAAJ&pg=PA548. 
  13. Shadwell, A. (1 February 1897). "The hidden dangers of cycling". National Review. http://garethrees.org/2012/01/10/shadwell/. 
  14. Herlihy, David V. (2006). Bicycle: The History. Yale University Press. পৃষ্ঠা. 270–273. ISBN 978-0300120479. https://books.google.com/books?id=VDlaT0KxJfAC&pg=PA272. 
  15. Garvey, Ellen Gruber (1995). "Reframing the Bicycle: Advertising-Supported Magazines and Scorching Women". American Quarterly খণ্ড 47 (1): 66–101. doi:10.2307/2713325. 
  16. Saʻdāwī, Nawāl. (2007). The very fine membrane called 'honour' (New সম্পাদনা). প্ৰকাশক London: Bloomsbury Academic. পৃষ্ঠা. 38. ISBN 978-1-84277-874-6. OCLC 81453459. https://www.worldcat.org/oclc/81453459. ".. No girl can suffer a worst fate than she whom nature has forgotten to provide with a hymen, or whose hymen is so delicate that it is torn away and lost by repeated riding on a bicycle or a horse, or by masturbation, or one of those minor accidents that happen so often in childhood .." 
  17. 17.0 17.1 Bonham, Jennifer; Jungnickel, Kat (2022-10-31), "Cycling and gender" (en ভাষাত), Routledge Companion to Cycling (London: Routledge): pp. 24–32, doi:10.4324/9781003142041-4, ISBN 978-1-003-14204-1, https://www.taylorfrancis.com/books/9781003142041/chapters/10.4324/9781003142041-4, আহৰণ কৰা হৈছে: 2023-02-07, "".. Since the 1990s, this debate has often started with the observation that in low-cycling countries, including Australia, Brazil, Canada, Chile, the UK and the USA, men are much more likely to cycle than women. By contrast, women in high-cycling countries like The Netherlands and Denmark are as, if not more, likely to cycle than men (e.g. Aldred et al. 2017). These national differences, along with historical accounts of women cycling (e.g. Jungnickel 2018), counter arguments that women have a ‘natural’ aversion to riding a bike (Garrard, Handy & Dill 2012). Much of the gender and cycling literature is concerned with examining how and why cycling is or isn’t available to diverse populations and the barriers in place that impede its uptake. .."" 
  18. হালৈ, কুশল (14 April, 2013). "চন্দ্ৰপ্ৰভা শইকীয়ানী:দেশৰ মুক্তি সংগ্ৰামৰ এগৰাকী পূজনীয় নেত্ৰী". xahitya.org. https://xahitya.org/%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%AD%E0%A6%BE-%E0%A6%B6%E0%A6%87%E0%A6%95%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%A8%E0%A7%80-%E0%A6%A6/। আহৰণ কৰা হৈছে: 3 June 2024. 
  19. ভূঞা, ৰঞ্জিত (৩-৭-২০১৯). "চন্দ্ৰপ্ৰভা শইকীয়ানী : ব্যক্তিত্ব আৰু প্ৰতিভা". মুক্ত চিন্তা. https://muktosinta.org/chandra-brapbha-saikiyani/। আহৰণ কৰা হৈছে: 3 June 2024. 
  20. 20.0 20.1 Vivanco, Luis Antonio (2013). Reconsidering the Bicycle: An Anthropological Perspective on a New (old) Thing. Routledge. পৃষ্ঠা. 32–34. ISBN 978-0415503884.