১৬ জুন (ইংৰাজী : 16 June ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ১৬৭তম (অধিবৰ্ষ ত ১৬৮তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯৮টা দিন বাকী থাকে। বুৰঞ্জী ৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল:
৬৩২ খ্ৰীষ্টপূৰ্ব - জোৰষ্ট্ৰিয়ান কেলেণ্ডাৰৰ প্ৰচলন হয়। উল্লেখ্য যে ইৰান আৰু ভাৰতৰ পাৰ্চী সমাজত এই কেলণ্ডাৰৰ প্ৰচলন বহুল ভাৱে হয়।
১৯৪৪ - দ্বিতীয় বিশ্বযুদ্ধত মাৰ্কিন বিমান বাহিনীয়ে জাপানৰ দক্ষিণ অঞ্চলৰ ফুকুলা চহৰত আক্ৰমণ কৰে।
১৯৬৩ - বিশ্বৰ প্ৰথমগৰীকী মহিলা মহাকাশচাৰী ‘‘ভেলেণ্টিনা টেৰেচ’কভা’’ই মহাকাশলৈ উৰা মাৰিছিলে।
১৯৯১ - যোৰহাটৰপৰা দৈনিক সংবাদ-পত্ৰ দি-ইষ্টাৰ্ণ ক্লেৰিয়ান প্ৰকাশিত হৈছিল।
২০০৭ - ছলমান ৰুশ্বদী ক নাইট উপাধি প্ৰধান কৰে ইংলেণ্ডৰ ৰাণীয়ে।
১৭২৩ - অডাম স্মিথ , স্কটিছ দাৰ্শনিক আৰু অৰ্থনীতিবিদ। (মৃঃ ১৭৯০)
১৭৩৩ - জোচেফ প্ৰিষ্টলি, ব্ৰিটেইনৰ বিখ্যাত ৰসায়নবিদ আৰু পদাৰ্থ বিজ্ঞানী, অম্লজান (অক্সিজেন ), পেঞ্চিলৰ দাগ চাফা কৰা ৰবৰ, কাৰ্বনেটেড পানী (চৌদা পানী) আৰু বহুতো ৰাসায়নিক যৌগৰ আৱিষ্কাৰক।
১৮৮৮ - আলেকজেণ্ডাৰ আলেকজেণ্ড্ৰ'ভিচ ফ্ৰিদমেন, বিশ্ব ব্ৰহ্মাণ্ড প্ৰসাৰণ তত্ত্বৰ আৱিষ্কাৰক আৰু প্ৰথম আইনষ্টাইনৰ আপেক্ষিকতাবাদ তত্ত্ব ৰ ব্যাখ্যা আৰু প্ৰমাণ কৰোতা, ৰুচ গণিতজ্ঞ, বিশ্বতত্ত্ববিদ আৰু পদাৰ্থবিজ্ঞানী। (মৃঃ ১৯২৫)
১৮৯০ - ষ্টেন লৰেল, ইংৰাজ কৌতুক অভিনেতা, চলচ্চিত্ৰ অভিনেতা আৰু পৰিচালক। (মৃঃ ১৯৬৫)
১৯৪৩ - হৰেন্দ্ৰনাথ বৰঠাকুৰ , অসমীয়া শিশু সাহিত্যিক তথা নাট্যকাৰ।
১৯৫০ - মিথুন চক্ৰৱৰ্তী , ভাৰতৰ চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা, ৰাজনৈতিক নেতা, সমাজ সংগঠক আৰু উদ্যোক্তা।
১৯৬৫ - এণ্ড্ৰিয়া এম. ঘেজ , আমেৰিকান জ্যোতিৰ্বিজ্ঞানী।