বাৰ্তা:সাহিত্য অকাডেমি

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

সাহিত্য একাডেমী বঁটাটো ইংৰাজীৰ পৰা অনুবাদ কৰি থোৱা আছিল। এইটোৰ লগত তাৰ কথাবোৰ একেধৰণৰ হৈছে। কিবা এটা কৰিব লাগিব।গীতাৰ্থ বৰদলৈ (talk) 17:36, 8 মাৰ্চ 2012 (UTC)

কথাটো ময়ো লক্ষ্য কৰিছিলো| ইংৰাজীখনৰ এই লিংকত থকা কথাবোৰ সুমিয়াই এইখন সাহিত্য একাডেমী বঁটাৰ কগত একত্ৰীকৰণ কৰা ভাল হ’ব নেকি? আনহাতেবাংলাখনৰ গঠনটো ভাল যেন দেখিছো| সেইখনো অনুসৰণ কৰিব পাৰি| বিষ্ণু শ‍ইকীয়া বাৰ্তা 18:55, 8 মাৰ্চ 2012 (UTC)
অঁ। ইয়াত থকা বঁটাৰ কথাখিনি সাহিত্য একাডেমী বঁটাত সুমুৱাই এই প্ৰবন্ধটো বাংলাৰ মতে গঢ়িলেই হ'ল। ‍‍বেলেগকৈ একত্ৰীকৰণ নালাগে। গীতাৰ্থ বৰদলৈ (talk)
ভাল, কৰাৰ দায়িত্বটো কোনে লৈছে? তুমি নে ম‌ই নে আন কোনোবাই? বিষ্ণু শ‍ইকীয়া বাৰ্তা 19:30, 8 মাৰ্চ 2012 (UTC)
আৰু লগতে দুইটা প্ৰবন্ধৰ নাম "অকাদেমি" কৰি দিয়া যাওক। আন ভাষাৰ লগতে অসমীয়া কাগজে-পত্ৰই তেনেকৈয়ে লিখা হৈছে। আমি নতুন বানান নকৰোঁ। বাকী নামকেইটা পুনঃনিৰ্দেশ হৈ থাকিবই। ফুল এণ্ড ফাইনেল। এগ্ৰী? গীতাৰ্থ বৰদলৈ (talk)
ম‍ই কথাটো কৈ কৈ ভাগৰ লাগি আৰু নোকোৱা হ’লো| মাধবে বোলে অকাডেমি বুলি কতোৱেই দেখা নাই| বৰ গণ্ডগোল এনে সমূহীয়া কামত| পেপাৰত ম‍ই আজিকালি অকাডেমিয়েই লিখা দেখো| ম‍ই অকাডেমি টোকেই সঠিক দেখো| অকাদেমি নহয় দেই, অকাডেমিহে বিষ্ণু শ‍ইকীয়া বাৰ্তা
অ হয় নেকি, আমাৰ অসম, দৈনিক জনমভূমিত "অকাদেমি"হে লিখে। হ'ব বাৰু থাকক। মাধৱৰ লীলানো কি কম! গীতাৰ্থ বৰদলৈ (talk) 20:08, 8 মাৰ্চ 2012 (UTC)
ভালদৰে এবাৰ চাই খাতাংটো জনাৱা| নাইবা আকৌ লতং পতং হব| সৰুকৈ ছবি (পেপাৰ কাট) এখনো দি থব লাগে পাৰিলে| কামটো কোনে কৰিব নকলা যে? বিষ্ণু শ‍ইকীয়া বাৰ্তা 22:15, 8 মাৰ্চ 2012 (UTC)