গৱেষণা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

গৱেষণা মানে সত্যক আৱিষ্কাৰ কৰা আৰু সত্যৰ অনুসন্ধান কৰা। গৱেষণা মানে এক প্ৰকাৰৰ বৈজ্ঞানিক অনুসন্ধান বা কোনো এটা বিষয় বা সমস্যাৰ অনুসন্ধান। গৱেষণা হৈছে "জ্ঞান ভাণ্ডাৰ বৃদ্ধি কৰিবলৈ কৰা সৃষ্টিশীল আৰু প্ৰণালীবদ্ধ কাম"। ইয়াত প্ৰমাণ সংগ্ৰহ, সত্যতা, অনুসন্ধান, বিচাৰ-বিশ্লেষণ আদি দিশসমূহ জড়িত হৈ থাকে।[1] গৱেষণা শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হ’ল Research। ‍Research শব্দটোৰ প্ৰথম ব্যৱহাৰ হৈছিল ১৫৭৭ চনত।

গৱেষণাৰ সংজ্ঞা[সম্পাদনা কৰক]

  • গৱেষণা শব্দটোৰ অৰ্থ হ’ল বিচৰা বা অনুসন্ধান কৰা। এই অৰ্থত এই সংস্কৃত শব্দটোৰ ব্যৱহাৰ ‘ঋকবেদ’ৰ সময়ৰ পৰা পোৱা গৈছে। শব্দটো গৱ (গৌ শব্দৰ পৰা হোৱা গো- শব্দৰ লগত যুক্ত) শব্দৰ পৰা উদ্ভূত। [2]
  • গৱেষণা হ’ল জ্ঞানৰ সমৃদ্ধিৰ বাবে কৰা পদ্ধতিগত অনুসন্ধান। [3][4]
  • ডি শ্লাৰিংগাৰ আৰু এম্ ষ্টিফেনচনৰ মতে- ‘‘ গৱেষণা হ’ল জ্ঞানৰ শুদ্ধতা অথবা জ্ঞান বৃদ্ধিৰ উদ্দেশ্যে হোৱা বিষয়, বস্তু অথবা প্ৰতীক আদিৰ এনে প্ৰয়োগ, য’ত গৱেষণাই কোনো নতুন তত্ত্ব প্ৰণয়ন কৰে অথবা নতুন কলাৰ অনুশীলন কৰে। [5]
  • জে. ফ্ৰেন্সিছ ৰুমেলৰ মতে গৱেষণা হ’ল এনে এক প্ৰকাৰৰ প্ৰচেষ্টা, যাৰ জৰিয়তে জ্ঞানৰ আৱিষ্কাৰ, জ্ঞানৰ বিকাশ আৰু জ্ঞানৰ সত্য প্ৰতিপন্ন কৰা হয়। উদ্দেশ্য আৰু গঠনৰ দিশৰ পৰা গৱেষণাৰ গোটেই প্ৰক্ৰিয়াটোৱেই হ’ল সত্যান্বেষণৰ প্ৰক্ৰিয়া। [6]

গৱেষণাৰ লক্ষ্য/উদ্দেশ্য[সম্পাদনা কৰক]

গৱেষণাৰ প্ৰাথমিক উদ্দেশ্যবোৰ হৈছে মানৱ জ্ঞানৰ উন্নতিৰ বাবে পদ্ধতি আৰু প্ৰণালীৰ নথিপত্ৰ, আৱিষ্কাৰ, ব্যাখ্যা, আৰু বিকাশ। বহুতো গৱেষক সন্মত যে বৈজ্ঞানিক গৱেষণাৰ লক্ষ্যবোৰ হৈছে: বিৱৰণ, পূৰ্বানুমান, ব্যাখ্যা, আৰু প্ৰয়োগ। এয়াই হৈছে গৱেষণাৰ মূল সংজ্ঞা। [7]কিছুমান ব্যক্তিয়ে লক্ষ্যৰ তালিকাত নিয়ন্ত্ৰণ আৰু প্ৰয়োগো যোগ দিয়ে।[8] নগেন শইকীয়াই ‘গৱেষণা-পদ্ধতি-পৰিচয়’[9] গ্ৰন্থত গৱেষণা কাৰ্যৰ উদ্দেশ্য সম্পৰ্কে উল্লেখ কৰিছে এনেদৰে-

  • গৃহীত বিষয়টো সম্পৰ্কে কোনো অনুসন্ধান হোৱা নাই।
  • বিষয়টো সম্পৰ্কে ব্যৱহৃত তথ্যপাতিখিনি পৰ্যাপ্ত বা শুদ্ধ নহয়।
  • বিষয়টো সম্পৰ্কে গৃহীত বা প্ৰচলিত সিদ্ধান্ত শুদ্ধ নহয়।
  • পূৱৰ্বতীসকলে কৰা কাম আৰু গ্ৰহণ কৰা দৃষ্ঠিভঙ্গী দোষমুক্ত নহয়।
  • যিহেতু বিষয়টো সম্পৰ্কে এতিয়ালৈকে গ্ৰহণ কৰা তত্ত্ব, তথ্য, আৰু সিদ্ধান্ত শুদ্ধ আৰু সত্য বুলি প্ৰত্যয় যাব পৰা নাই।
  • বিষয়টোৱে নতুন অন্বেষণ বা অনুসন্ধানৰ দাবী কৰে।

গৱেষণাৰ প্ৰকাৰ[সম্পাদনা কৰক]

মূল গৱেষণা, যাক প্ৰাথমিক গৱেষণা বুলিও কোৱা হয়, হৈছে গৱেষণা যি কেৱল গৱেষণাৰ বিষয়ত আগৰ প্ৰকাশনৰ সাৰাংশ, সমীক্ষা বা সংশ্লেষণৰ ওপৰত আধাৰিত নহয়। এই সামগ্ৰীটো প্ৰাথমিক-উৎস চৰিত্ৰৰ। মূল গৱেষণাৰ উদ্দেশ্য হৈছে চলিত জ্ঞানক এক নতুন ৰূপত উপস্থাপন কৰাৰ সলনি নতুন জ্ঞান প্ৰস্তুত কৰা। [10][11] মূল গৱেষণাই কেইবাটাও ৰূপ ল'ব পাৰে, ই বিষয় বা ক্ষেত্ৰৰ ওপৰত নিৰ্ভৰ কৰে। পৰীক্ষামূলক কামত সাধাৰণতে প্ৰত্যক্ষ বা পৰোক্ষ পৰ্যৱেক্ষণ অন্তৰ্ভুক্ত কৰা হয়। যেনে পৰীক্ষাগাৰত পৰীক্ষা বা পৰীক্ষাৰ সংহতিৰ পদ্ধতি, ফলাফল, আৰু উপসংহাৰ নথিভুক্ত কৰে, বা পূৰ্বৱৰ্তী ফলাফলবোৰৰ এক নতুন ব্যাখ্যা প্ৰদান কৰে। বিশ্লেষণাত্মক কামত, সাধাৰণতে কিছুমান নতুন (উদাহৰণ স্বৰূপে) গাণিতিক ফলাফল উৎপন্ন হয়, বা চলিত সমস্যা এটাৰ সমাধান বিছাৰিবলৈ এক নতুন উপায় ওলিওৱা হয়॥ কিছুমান বিষয়ত যʼত এনে ধৰণৰ পৰীক্ষা-নিৰীক্ষা বা বিশ্লেষণ নাথাকে,এজন গৱেষকৰ কামৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি সাম্প্ৰতিক পৰিস্থিতিক পুনৰ ব্যাখ্যা কৰা হয়।[12] এটা গৱেষণাৰ মৌলিকতাৰ পৰিমাণ আৰু সাধাৰণতে সহকৰ্মী সমীক্ষাৰ (peer review) জৰিয়তে বৈজ্ঞানিক আলোচনীত প্ৰবন্ধবোৰৰ প্ৰকাশ হয়।[13]

বৈজ্ঞানিক গৱেষণা হৈছে তথ্য সংগ্ৰহ কৰা আৰু কৌতূহল গুছোৱাৰ এক প্ৰণালীবদ্ধ উপায়। এই গৱেষণাই পৃথিৱীত ঘটি থকাকিছু প্ৰকৃতি আৰু গুণাগুণৰ ব্যাখ্যাৰ বাবে বৈজ্ঞানিক তথ্য আৰু তত্ত্ব প্ৰদান কৰে। বৈজ্ঞানিক গৱেষণা ৰাজহুৱা কৰ্তৃপক্ষ বা সংগঠন বা আৰু ব্যক্তিগত গোটৰ দ্বাৰা পুঁজি যোগান ধৰা হয়, যাৰ ভিতৰত আছে বহুতো কোম্পানী। বৈজ্ঞানিক গৱেষণাক তেওঁলোকৰ শৈক্ষিক আৰু প্ৰয়োগ শাখা অনুসৰি বিভিন্ন শ্ৰেণীবিভাজনত বিভক্ত কৰিব পাৰি। নগেন শইকীয়াৰ মতে গৱেষণাৰ প্ৰকাৰভেদ এনেধৰণৰ-[9]

  • পৰিচয়মূলক (Introductory)
  • ঐতিহাসিক (Historical)
  • বিশ্লেষণাত্মক (Analytical)
  • সমীক্ষাত্মক (Critical)
  • তুলনামূলক (Comparative)
  • সমাজতত্ত্বমূলক (Sociological)

গৱেষণাৰ বৈশিষ্ট্য[সম্পাদনা কৰক]

  • গৱেষণা হৈছে এটা মৌলিক কৰ্ম।
  • এটা নিৰ্দিষ্ট বিষয়ক কেন্দ্ৰ কৰি গৱেষণা কাৰ্য পৰিচালিত কৰা হয়।
  • কোনো বিশেষ দৰ্শন,দৃষ্টিভংগী বা মতবাদৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ গৱেষণা কাৰ্যত আত্মনিয়োগ কৰিব লাগে।
  • গৱেষণা যিহেতু এটা বৈজ্ঞানিক পদ্ধতি গতিকে তাৰ মূল ভিত্তি হল যুক্তি।

গৱেষণাৰ স্তৰ[সম্পাদনা কৰক]

গৱেষণা কাৰ্যত আগবাঢ়োতে এটা নিৰ্দিষ্ট পৰিকাঠামৰ মাজেৰে আগবাঢ়িব লাগে। নগেন শইকীয়াৰ এই সম্পৰ্কত কৰা শ্ৰেণী বিভাজন এনেধৰণৰ-[9]

  1. বিষয়-নিৰ্বাচন
  2. তথ্য-সংগ্ৰহ
  3. তথ্য-বিন্যাস আৰু আঁচনি প্ৰস্তুতকৰণ
  4. তথ্য-বিশ্লেষণ
  5. তথ্য-চূড়ান্তকৰণ
  6. তথ্যৰ পুনৰ মূল্যায়ন আৰু আঁচনি চূড়ান্তকৰণ
  7. গ্ৰন্থ প্ৰণয়ন

অসমীয়া ভাষাত প্ৰাপ্ত গৱেষণামূলক গ্ৰন্থ[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. OECD (2015). Frascati Manual. The Measurement of Scientific, Technological and Innovation Activities. doi:10.1787/9789264239012-en. ISBN 978-9264238800. https://eduq.info/xmlui/handle/11515/35750। আহৰণ কৰা হৈছে: 4 April 2020. 
  2. গৱেষণাৰ পদ্ধতি পৰিচয়, নগেন শইকীয়া, কৌস্তুভ প্ৰকাশন,চতুৰ্থ সংস্কৰণ, ২০১০, পৃষ্ঠা-১
  3. Monier-Monier Willams, A Sanskrit English Dictionary, 1979 Print, p.3
  4. গৱেষণাৰ পদ্ধতি পৰিচয়, নগেন শইকীয়া, কৌস্তুভ প্ৰকাশন,চতুৰ্থ সংস্কৰণ, ২০১০, পৃষ্ঠা-১
  5. গৱেষণাৰ পদ্ধতি বিজ্ঞান, পল্লৱী ডেকা বুজৰবৰুৱা, বনলতা, প্ৰথম সংস্কৰণ, ২০১৭, পৃষ্ঠা-১২
  6. Methodology of Research in Education, Sidhu, Kulbir Sing, Sterling Publishars Pvt. Ltd. pp.2-3
  7. MANUAL ON GOOD PRACTICES IN EXTENSION RESEARCH & EVALUATION, file:///Users/Jonali/Downloads/MANUAL-GoodPracticesinExtnResEvln-L.pdf
  8. https://psychcentral.com/blog/understanding-research-methodology-3-goals-of-scientific-research#1
  9. 9.0 9.1 9.2 নগেন শইকীয়া (২০১০). গৱেষণা পদ্ধতি-পৰিচয় গ্ৰন্থ. প্ৰকাশক গুৱাহাটী: কৌস্তুভ প্ৰকাশন. পৃষ্ঠা. ৪. 
  10. "What is Original Research? Original research is considered a primary source". Thomas G. Carpenter Library, University of North Florida. Archived from the original on 9 July 2011. https://web.archive.org/web/20110709085129/http://www.unf.edu/library/guides/originalresearch.html। আহৰণ কৰা হৈছে: 9 August 2014. 
  11. Rozakis, Laurie (2007). Schaum's Quick Guide to Writing Great Research Papers. McGraw Hill Professional. ISBN 978-0071511223. https://books.google.com/books?id=XlIH4R9Z_k8C&pg=PT75. 
  12. Singh, Michael; Li, Bingyi (6 October 2009). "Early career researcher originality: Engaging Richard Florida's international competition for creative workers". Centre for Educational Research, University of Western Sydney. পৃষ্ঠা: 2. Archived from the original on 10 April 2011. https://web.archive.org/web/20110410083715/http://aare.edu.au/09pap/li091380.pdf। আহৰণ কৰা হৈছে: 12 January 2012. 
  13. Callaham, Michael; Wears, Robert; Weber, Ellen L. (2002). "Journal Prestige, Publication Bias, and Other Characteristics Associated With Citation of Published Studies in Peer-Reviewed Journals". JAMA খণ্ড 287 (21): 2847–50. doi:10.1001/jama.287.21.2847. PMID 12038930.