অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া লিপিস্বৰবৰ্ণৰ চতুৰ্থ আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।[1] 'ঈ'ও এটি স্বৰধ্বনি, সেয়েহে 'ঈ' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'ঈ'-ক এনেদৰে ⠔ (braille pattern dots-35) লিখা যায়।[2]

ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে[সম্পাদনা কৰক]

কোনো ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে 'ঈ'ৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'ঈ'ৰ গৌণ প্ৰতীক। 'ঈ'ৰ এই ৰূপ হ'ল 'ী'।[3] যেনে ক্+ঈ=কী আদি।

ইউনিক’ড[সম্পাদনা কৰক]

ৰূপ চিহ্ন ইউনিক’ড ক’ড নম্বৰ ইউনিক’ডত বিৱৰণ[4]
স্বতন্ত্ৰ ৰূপ U+0988 U+0988 BENGALI LETTER II
গৌণ ৰূপ U+09C0 U+09C0 BENGALI VOWEL SIGN II

'ঈ'ৰ পৰা আৰম্ভ হোৱা শব্দ[সম্পাদনা কৰক]

কিছু উদাহৰণ হ'ল-

  • ঈশান
  • ঈগল
  • ঈশানী
  • ঈদ
  • ঈক্ষা
  • ঈক্ষণ
আদি।

ঈ-কাৰ যুক্ত শব্দৰ উদাহৰণ[সম্পাদনা কৰক]

  • স্ত্ৰী
  • ক্ষীণ
  • নীম
  • বীণা
  • ধীৰজ
  • হীন
  • জীৱ
  • গীত
  • নীলাচল
  • দ্বিতীয় বিশ্বযুদ্ধ
  • মীৰাবাঈ
আদি।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. xobdo.org search result of স্বৰবৰ্ণ
  2. World Braille Usage, UNESCO, 2013
  3. http://xobdo.org/article/L0103
  4. বাংলা ইউনিক'ড তালিকা (পি.ডি.এফ.)