সমললৈ যাওক

ৱিকিপিডিয়া:সহায়িকা/আংগিক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভূমিকা   সম্পাদনা   আংগিক   ৱিকিপিডিয়া লিংক   উদ্ধৃতি   আলোচনা পৃষ্ঠা   স্মৰ্তব্য   পঞ্জীয়ন   উপসংহাৰ    

ৱিকিপিডিয়াৰ প্ৰবন্ধ এটাৰ অংগসজ্জা সাধাৰণ ৱৰ্ড প্ৰচছৰ এটাত লিখাতকৈ অলপ বেলেগ। কঠোৰ WYSIWYG ("What You See Is What You Get"-আপুনি যি দেখে তাকে পাব) উপায়তকৈ ৱিকিপিডিয়াই পৃষ্ঠাখনৰ নিৰ্দিষ্ট ঠাই (যেনে- শিৰোনাম)ৰ বাবে কিছুমান পাঠ্য সংকেত ব্যৱহাৰ কৰে। এই মাৰ্ক্‌আপ ভাষাকে ৱিকিপাঠ্য (বা ৱিকি চিহ্ন) বোলা হয় আৰু ইয়াক সম্পাদনাৰ সুবিধাৰ বাবে বিশেষভাৱে সজোৱা হৈছে।

গাঢ় আৰু হেলনীয়া পাঠ্য

সকলোতকৈ বেছি ব্যৱহৃত ৱিকি টেগ্‌ হৈছে গাঢ়আৰু হেলনীয়া পাঠ্য। পাঠ গাঢ় আৰু হেলনীয়া কৰিবলৈ শব্দ বা বাক্যাংশ এটাৰ দুয়োফালে একাধিক এপ'ষ্ট্ৰ'ফি (') ব্যৱহাৰ কৰা হয়:

টাইপ কৰক পাওক
''হেলনীয়া'' হেলনীয়া

'''গাঢ়'''

গাঢ়

'''''গাঢ় হেলনীয়া'''''

গাঢ় হেলনীয়া

ৱিকিপিডিয়াত প্ৰবন্ধ এটাৰ বিষয়বস্তুৰ নাম প্ৰথম উল্লেখ কৰোঁতে গাঢ় কৰি লিখা হয়। যেনে- জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰবন্ধটো এনেদৰে আৰম্ভ হৈছে:

জ্যোতিপ্ৰসাদ আগৰৱালা (১৭ জুন, ১৯০৩ -১৭ জানুৱাৰী, ১৯৫১) অসমৰ এগৰাকী গীতিকাৰ, নাট্যকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা।

কিতাপৰ, বোলছবি, এলবাম বা ভিডিঅ' গেইমৰ নাম লিখোঁতে হেলনীয়া কৰি লিখিব পাৰি। যদি প্ৰবন্ধটোৰ বিষয়বস্তুৰ নামৰ প্ৰথম উল্লেখ কিতাপ বা বোলছবিৰ শিৰোনাম হয়, তেন্তে গাঢ় হেলনীয়া ব্যৱহাৰ কৰা হয়।

গাঢ় আৰু হেলনীয়া পাঠৰ ব্যৱহাৰৰ বিষয়ে অধিক জানিবলৈ ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি চাওক।

শিৰোনাম আৰু উপশিৰোনাম

শিৰোনাম আৰু উপশিৰোনামবোৰে প্ৰবন্ধ এটা সুগঢ়ী কৰি তোলে। যদি আপুনি প্ৰতিটোৰ বাবে একাধিক পৰিচ্ছেদ থকা দুই বা ততোধিক বিষয়ৰ আলোচনা দেখা পায়, তেন্তে আপুনি প্ৰবন্ধটো সুপাঠ্য কৰিবলৈ প্ৰতিটো বিষয়ৰ বাবে এটাকৈ শিৰোনাম দিব পাৰে, অৰ্থাৎ প্ৰতিটোকে নিজা নিজা অনুচ্ছেদত সজায়।

শিৰোনাম এনেদৰে সৃষ্টি কৰা হয়:

টাইপ কৰক পাওক

==বান্দৰ==

বান্দৰ

===বান্দৰ===

বান্দৰ

এটা প্ৰবন্ধত ন্যূনতম চাৰিটা শিৰোনাম থাকিলে বিষয়বস্তুৰ সূচী এখন আপোনাআপুনি সৃষ্টি হয়। এই পৃষ্ঠাৰ পৰীক্ষাগাৰত শিৰোনাম সৃষ্টি কৰিবলৈ চেষ্টা কৰক। আন তিনিটা শিৰোনাম থাকিলে ই নিজে নিজে সূচীত যোগ হ'ব।

HTML

ৱিকিপাঠ্যত ৱিকিপিডিয়াৰ সজ্জাৰ বাবে প্ৰয়োজনীয় আটাইবোৰ বৈশিষ্ট্য থাকে আৰু HTML সংকেতৰ জ্ঞান জৰুৰী নহয়। তথাপিও ইয়াক অধিক নিৰ্দিষ্ট অংগসজ্জা যেনে ৰং, পাঠ, পৰিচ্ছেদৰ শৈলী আৰু লে'আউটৰ কামত প্ৰায়েই ব্যৱহাৰ কৰা হয়।

সম্পাদনাৰ ক্ষেত্ৰত অধিক তথ্যৰ বাবে পৃষ্ঠা সম্পাদনা কেনেকৈ কৰিব বা নকলৰ পুৰীয়া চাওক।
আপুনি টোকা সম্বিলিত উদাহৰণ প্ৰবন্ধ এটাও পঢ়ি চাব পাৰে।
আপুনি শিকা কথাখিনি পৰীক্ষাগাৰত পৰীক্ষা কৰি চাওক



এই সহায়িকাৰ পৰৱৰ্তী অংশ: ৱিকিপিডিয়া লিংক