বেটুপাত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Main Pageৰ পৰা পুনঃনিৰ্দেশিত)
নিৰ্বাচিত প্ৰবন্ধ
নিৰ্বাচিত প্ৰবন্ধ
ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দৰ পৰা “নাৰী শক্তি” পুৰস্কাৰ গ্ৰহণ কৰা সময়ত ড০ পূৰ্ণিমা দেৱী বৰ্মন
পূৰ্ণিমা দেৱী বৰ্মন (ইংৰাজী: Purnima Devi Barman) অসম, ভাৰতৰ প্ৰসিদ্ধ প্ৰকৃতিবিদ আৰু সংৰক্ষণবিদ। বিলুপ্তপ্ৰায় হাড়গিলাৰ শৃংখলাবদ্ধ সংৰক্ষণৰ ক্ষেত্ৰলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৰিহণাৰ বাবে তেওঁ বিশেষভাৱে জনাজাত। তেওঁ হাড়গিলা বাইদেউ হিচাপে পৰিচিত৷ পূৰ্ণিমা দেৱী বৰ্মনে হাড়গিলাৰ সংৰক্ষণৰ বাবে গাঁৱৰ মহিলাসকলক একত্ৰিত কৰি “হাড়গিলা আৰ্মী” নামৰ এটি দল গঠন কৰিছে৷ হাড়গিলা আৰ্মী হৈছে কেৱল মহিলা স্বেচ্ছাসেৱকৰ দ্বাৰা সংগঠিত এক বাহিনী৷ হাড়গিলাৰ সংৰক্ষণৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০১৭ চনৰ “গ্ৰীণ অস্কাৰ” বঁটা প্ৰদান কৰা হয়। ভাৰত চৰকাৰে তেওঁক ২০১৭ চনৰ “নাৰী শক্তি পুৰস্কাৰ” প্ৰদান কৰে৷[2] ২০২৪ চনত তেওঁ “হুইটলী ফাণ্ড ফৰ নেচাৰ” (WFN)ৰ পৰা ১,০০,০০০ পাউণ্ডৰ হুইটলী গোল্ড বঁটা লাভ কৰে৷ ড॰ বৰ্মন বন্যপ্ৰাণী সম্পৰ্কীয় বেচৰকাৰী প্ৰতিষ্ঠান, অৰণ্যকৰ লগত জড়িত৷ ২০০৭ চনত যেতিয়া সংৰক্ষণৰ প্ৰচেষ্টা আৰম্ভ কৰা হৈছিল, তেতিয়া কামৰূপ জিলা উপনিৱেশত মাত্ৰ ২৮টাহে হাড়গিলাৰ বাহ পোৱা গৈছিল৷ কিন্তু ২০১৯ চন পৰ্যন্ত ২০০টাৰো বাহ পোৱা গৈছে, যাৰ ফলত হাড়গিলাৰ এই কলনীটোক বিশ্বৰ ভিতৰতে সবাতোকৈ ডাঙৰ বুলি স্বীকৃতি দিয়া হৈছে।
আপুনি জানেনে?
আপুনি জানেনে...
  • ...যে গুগল (Google) কোম্পানীৰ মালিকে গুগ'লৰ (Googol)ৰ বানান ভুল কৰিলে?
  • ...যে নিগনিয়ে আকালৰ সময়ত নিজৰ নেজো খায়?
  • ...যে এটি ৰামানুজ যুগ্ম সংখ্যা?
  • ...যে হাজং ভাষা এটি ভাৰতীয় আৰ্য ভাষা যাৰ তিব্বত-বৰ্মী ভাষাৰ সৈতেও সম্পৰ্ক আছে?
  • ...যে ৬বছৰীয়া কৌটিল্য পণ্ডিতে ২১৩ দেশৰ ভূগোল, জনমুৰি আয়, মুঠ ঘৰুৱা উৎপাদন আদিৰ বিষয়ে সহজে ক'ব পাৰে?
নিৰ্বাচিত চিত্ৰ
নিৰ্বাচিত চিত্ৰ
ৱিকিপিডিয়া:বেটুপাতৰ নিৰ্বাচিত চিত্ৰ/মে',২০২৪
মুগা পলু
মুগা পলুৰ পৰা আহৰণ কৰা ৰেছম সামান্য সোণালী বৰণৰ৷ ই যিমানেই পুৰণা হয়, সিমানেই তাৰ উজ্জ্বলতা বৃদ্ধি পায়। ই কেতিয়াও ৰং নেহেৰুৱায় আৰু কেতিয়াও ইয়াত দাগ নেলাগে৷ এই পলুসমূহ অন্য ৰেছম পলুৰ দৰেই ৰঙীন আৰু কেৱল এবিধ গছৰ পাতহে খায়
আলোকচিত্ৰ:নয়ন জ্যোতি নাথ

পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...


পৰিচিতি
"ৱিকিপিডিয়া" এখন বিশ্বকোষ। বিশ্বৰ যিকোনো বিষয়ৰ ওপৰত শুদ্ধ আৰু নিৰপেক্ষভাৱে জ্ঞান সংগ্ৰহ কৰি সকলোলৈকে বিনামূল্যে উপলব্ধ কৰোৱাৰ প্ৰয়াসেৰে এই আন্তৰ্জাতিক আৰু বহুভাষিক প্ৰকল্পৰ সূচনা কৰা হৈছে। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লেখকে বিভিন্ন স্থানৰ পৰা নিজৰ নিজৰ অৰ্হতা অনুসৰি কোনো বিষয়ত অৱদান দি বিভিন্ন ভাষাত ৱিকিপিডিয়া প্ৰতিষ্ঠা কৰিছে। "ৱিকিমিডিয়া ফাউণ্ডেশ্যনে" ২০০১ চনত প্ৰথমতে ইংৰাজী ৱিকিপিডিয়াৰপৰা আৰম্ভ কৰা এই প্ৰকল্পৰ অধীনত এতিয়ালৈকে প্ৰায় ৪০ নিযুত প্ৰবন্ধ সম্বলিত ৩০১ টা ভাষাৰ ৱিকিপিডিয়া মুকলি হ’ল। বৰ্তমান বিশ্বৰ প্ৰায় ৫০০ নিযুত মানুহে ব্যৱহাৰ কৰা এই ৱিকিপিডিয়াবোৰৰ সংখ্যা ভৱিষ্যতলৈও বাঢ়ি গৈ থাকিব।

এই ৱিকিপিডিয়াবোৰত তথ্যৰ শুদ্ধতা আৰু নিৰপেক্ষতাৰ ওপৰত অতিশয় গুৰুত্ব আৰোপ কৰা হয়। বিশ্বৰ যিকোনো স্থানৰপৰা যিকোনো মানুহে ইণ্টাৰনেটৰ জৰিয়তে বিনামূল্যে যিকোনো ৱিকিপিডিয়াৰ পৰা জ্ঞান আহৰণ আৰু উপভোগ কৰিব পাৰে। “ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে” সংকলিত এই ৱিকিপিডিয়াক থোৰতে “গণবিশ্বকোষ” বুলিব পাৰি।

ৱিকিপিডিয়াৰ বাহিৰেও ৱিকিমিডিয়াৰ তত্বাৱধানত ৱিকিচ’ৰ্ছ (ৱিকিউৎস), ৱিক্স্যনেৰী (ৱিকি-অভিধান), ৱিকিনিউজ (ৱিকিসংবাদ) আদি বিভিন্ন সহ-উদ্যোগৰ মুক্ত জ্ঞানবিতৰণৰ এই অভিনৱ প্ৰয়াসে আজি এক গণ আন্দোলনৰ ৰূপ লৈছে।

সহায়
ৱিকিপিডিয়ানৰ হাতপুথি
সাহায্য

আদৰণি · পাতনি · পৰিচয় · সহায়িকা · সমল · সাহায্য কেন্দ্ৰ · প্ৰশ্নসমূহ · অৰ্থকোষ · নতুন প্ৰবন্ধ সৃষ্টি · টাইপিং · পুৰীয়া

নীতি আৰু নিৰ্দেশাৱলী

নীতি আৰু নিৰ্দেশাৱলী · পঞ্চস্তম্ভ · ৱিকিপিডিয়া কি নহয় · নিৰপেক্ষ দৃষ্টিভংগী · উল্লেখযোগ্যতা · মৌলিক গৱেষণাৰহিত লেখা · কপিৰাইট · বিশ্বাসযোগ্যতা · সম্পাদনা নীতি · দায়লুপ্তি

আচৰণবিধি

শিষ্টাচাৰ · ব্যক্তিগত আক্ৰমণ নকৰিব · হাৰাশাস্তি · সম্পাদনা দ্বন্দ্ব · মতবিৰোধ সমাধান · ঐক্যমত · ধ্বংসপ্ৰৱণতা

বিষয় সূচী
অসম

অসম · অসমৰ জিলা · ভাষা আৰু লিপি · লোক-সংস্কৃতি · জনগোষ্ঠী · বুৰঞ্জী · প্ৰসিদ্ধ ব্যক্তি · অসমীয়া সাহিত্য · অসমৰ সংগীত · অসমৰ চলচ্চিত্ৰ . অসম সম্পৰ্কীয় প্ৰবন্ধসমূহৰ তালিকা

ভাৰত

ৰাজ্যসমূহ · ভাষাসমূহ · নদীসমূহ · সংস্কৃতি · উৎসৱ · বুৰঞ্জী · ৰাজনীতি · প্ৰসিদ্ধ ব্যক্তি · শিক্ষা

দেশ-বিদেশ

মহাদেশ · ৰাষ্ট্ৰসমূহ · নগৰ-মহানগৰ · পৰ্যটন

মানৱ বিজ্ঞান

কলা · অৰ্থনীতি · ৰাজনীতি বিজ্ঞান · সমাজবিদ্যা · ভূগোল · ইতিহাস আৰু প্ৰাক-ইতিহাস · ভাষা বিজ্ঞান · দৰ্শন · শিক্ষা

সাহিত্য আৰু সংস্কৃতি

সাহিত্য · সংগীত · ধৰ্ম · বঁটা আৰু সন্মান

জীৱনী

অসমৰ প্ৰসিদ্ধ ব্যক্তি · ভাৰতৰ প্ৰসিদ্ধ ব্যক্তি · বিজ্ঞানী‎ · চলচ্চিত্ৰ শিল্পী · কণ্ঠশিল্পী‎ · সকলো

বিজ্ঞান

গণিত · পদাৰ্থ বিজ্ঞান · ৰসায়ন বিজ্ঞান · প্ৰাণীজগত · উদ্ভিদজগত · চিকিৎসা বিজ্ঞান · জ্যোতিৰ্বিজ্ঞান · কম্পিউটাৰ বিজ্ঞান · প্ৰযুক্তি · পৰিৱেশ বিজ্ঞান · নৃতত্ব · পূৰাতত্ব

মনোৰঞ্জন

বোলছবি · দূৰদৰ্শন · ভ্ৰাম্যমাণ থিয়েটাৰ · পাকঘৰ · ইণ্টাৰনেট · খেল

ৱিকিপিডিয়া

আৰম্ভণি · ৱিকিপিডিয়াৰ নীতি · ৰাইজৰ চ'ৰা · শেহতীয়া ঘটনাৱলী · অৰ্থকোষ · পৰীক্ষাগাৰ · ৱিকিপত্ৰিকা · অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকা

অন্যান্য ৱিকি-প্ৰকল্পসমূহ
অব্যৱসায়ীক প্ৰতিষ্ঠান ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিবেশিত অন্যান্য ৱিকি-প্ৰকল্পসমূহ: (বিতং তথ্য:):