ডম্বৰু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Ḍamaruৰ পৰা পুনঃনিৰ্দেশিত)


ডম্বৰু

ডম্বৰু
আন নাম ডুগডুগি

ডম্বৰু (ইংৰাজী: damaru) এটা সৰু আকাৰৰ দুমুখীয়া ড্ৰাম, এই বাদ্য সাধাৰণতে হিন্দু ধৰ্ম আৰু "তিব্বেতীয় বৌদ্ধ ধৰ্মত"ত ব্যৱহৃত হয়।[1] ডম্বৰুৰ উৎপত্তি প্ৰাক-বৈদিক কালতে হোৱা বুলি জনা যায়। কথিত আছে, এই বাদ্য মহাদেৱৰ বাদ্য আছিল। ডম্বৰুৱেই সৰ্বপ্ৰথম তাল-বাদ্য বুলিও কোনো কোনোৱে বিশ্বাস কৰে। ডম্বৰুক ডুগডুগি বুলিও কোৱা হৈছিল।

এটা তিব্বেতীয় ডম্বৰু

বিৱৰণ[সম্পাদনা কৰক]

ডম্বৰুৰ অৱয়ৰ কাঠেৰে নিৰ্মিত। মুখ দুখন বৃত্তাকাৰ আৰু চামৰাৰে ঢকা। মুখ দুখনতকৈ বাদ্যটিৰ মাজৰ ডোখৰৰ ব্যাস সৰু; খুন্দনা আকাৰৰ। ডম্বৰুৰ সোঁমাজত, মূৰত দুটা টোপোলা আকৃতিৰ গাঁঠি থকা দুগছ সূতাৰে বন্ধা থাকে। ডম্বৰুৰ গা-টোৰ মাজত হাতেৰে ধৰি ডম্বৰুটো জোকাৰিলে সেই টোপোলা দুটাই ছাল দুখনৰ যথাস্থানত আঘাত কৰি শব্দ ধ্বনিৰ সৃষ্টি কৰে।

ব্যৱহাৰ[সম্পাদনা কৰক]

পুৰণি কালৰ ধৰ্মানুষ্ঠানত এই বাদ্য ব্যৱহাৰ হৈছিল। আজিকালি কোনো কোনো ধৰ্মানুষ্ঠানত এই বাদ্য ব্যৱহাৰ কৰাৰ উপৰিও বিশেষকৈ ভালুক নাচ, বান্দৰ নাচ আৰু সাপ নচুৱাওতে ডম্বৰু বজোৱা দেখা যায়। বাজীকৰে মন্ত্ৰৰ বাদ্য ৰূপেও এই বাদ্য ব্যৱহাৰ কৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Damru Devshoppe.com

লগতে চাওক[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]